মোৰ নাম ৰীমা । মোৰ বয়স ২৭ বছৰ । মোৰ বিয়া হোৱা ৪ বছৰ হৈ গৈছে । মোৰ স্বামী আকাশ, নিজৰ কর্মসূত্রে বেছিভাগ সময় বাহিৰতে থাকে । কেতিয়াবা দিল্লী নহলে কেতিয়াবা মুম্বাই । তেওঁৰ চাকৰিয়েই এনেকুৱা আছিলে যে মাহেকত কোনোমতে ৫-৬ দিনহে ঘৰত থাকিবলৈ পাৰিছিল । বন্ধুসকল কাহিনীটো সম্পূর্ণকৈ শুনক আৰু চেনলটো যদি নতুনকৈ চাই আছে তেনেহলে চাবস্ক্রাইৱ কৰি দিয়ক। বিয়াৰ প্ৰথমকেইদিন বৰ ভালদৰেই পাৰ হৈছিল । কিন্তু এতিয়া নিসংগতাই মোক ভিতৰৰ পৰা খুলি খাইছিল।
মই প্রায়ে আকাশক ফোনত কৈছিলো, শুনা মোৰ একেবাৰে মন নাই লগা। ঘৰখন খালী খালী লাগি থাকে । আকাশে হাঁহিমাৰি কৈছিলে, অলপ ধৈৰ্য্য ধৰা ৰীমা, মোৰ কামেই এনেকুৱা। কিন্তু চোৱা, মই ভাবিছো যে মোৰ ভতীজা সমীৰক এতিয়া আমাৰ লগতে ৰাখিম । সি কলেজত পঢ়িব আৰু তোমাৰো ঘৰখনত কেতিয়াওঁ অকলশৰীয়া অনুভৱ নহয় । তেওঁৰ কথা শুনি মই এক শান্তিৰ উশাহ ললো । কমেওঁ কথা অলপ পাতিবলৈটো কোনোৱা এজন হব । কেইদিনমান পিছত সমীৰ আহিলে । তাৰ বয়স ২০, ২১ বছৰ আছিল ।
ওখ-পাখ, বগা বৰণৰ আৰু তাৰ চকুত এক বিশেষ উজ্জ্বলতা আছিল। প্রথম দেখাৰ লগে লগে মোৰ অনুভৱ হৈছিল যে তাৰ যেন এক বিশেষ আত্মবিশ্বাস আছে। মই তাক মোৰ পুত্ৰৰ দৰে ভাবিবলৈ চেষ্টা কৰিলো । কিন্তু তাৰ চাৱনিয়ে বহুতবাৰ মোক অসহজ কৰি তুলিছিল । প্রথমতে মই ধ্যান দিয়া নাছিলো। কিন্তু লাহে লাহে তাৰ ব্যৱহাৰে মোক ভাবিবলৈ বাধ্য কৰি পেলালে । সি সকলো সময়তে মোৰ ওচৰে পাজৰে ঘূৰি ফুৰিছিল । কেতিয়াবা বাহানা বনাই পাকঘৰলৈ আহিছিল, কেতিয়াবা কোনো কাৰন অবিহনেই কোঠাৰ দুৱাৰ মুখত ঠিয় হৈ থাকিছিল । তাৰ চাৱনিয়ে স্পষ্টকৈ কৈছিল যে সি কেতিয়াওঁ মোক কেৱল খুড়ীৰ দৃষ্টিৰে নাচাই । এদিন নিশা মই মোৰ কোঠাত শুই আছিলো। দৰ্জাখন আধা খোেলাই আছিল । তেনেতে মোৰ অনুভৱ হল যে কোনোৱা বাহিৰত ঠিয় হৈ আছে ।
মই যেতিয়া গৈ চালো তেতিয়া দেখিলো যে সমীৰ ঠিয় হৈ আছে । মই আছৰিত হৈ তাক সুধিবলৈ লৈছিলোহে তেনেতে সি থতমত খাই কলে, খুড়ী.. মই, মই মাত্র পানী নিবলৈ আহিছিলো। কিন্তু তাৰ হাত খালী আছিল। মোৰ বুকুৰ ধপধপনি বাঢ়িবলৈ ধৰিলে। সেইনিশা মই দেৰিলৈকে সাৰ পাই থাকিলো । তাৰপিছৰ কেইদিনত তাৰ আচৰণ আৰু অদ্ভুত হবলৈ ধৰিলে । সি পঢ়াৰ বাহানা কৰি ৰাতি দেৰিলৈকে মোৰ কোঠাৰ ওছৰত বহি থাকিছিল । কেতিয়াবা কৈছিলে, খুড়ী আপুনি ভাগৰি গৈছে চাগে, দিয়ক মই সহায় কৰি দিছো । কেতিয়াবা এনেকুৱা কথা কৈ দিছিল য’ত ইংগীত লুকাই থাকিছিল ।
মোৰ এনেকুৱা লাগিবলৈ ধৰিলে যে সি জানিবুজি এইবিলাক কৰি আছে। এদিন নিশাটো সীমা চেৰাই গ’ল। মই বাথৰুম যাবলৈ উঠিলো তেতিয়া দেখিলো যে সমীৰে মনে মনে মোৰ কোঠাৰ দুৱাৰৰ ওছৰত ঠিয় হৈ আছে। তাৰ চকু মোৰ কোঠাৰ ভিতৰত আছিল । মই খঙতে কলো, সমীৰ এয়া কি কৰি আছা ?
সি যেন হাতে লোটে ধৰা পৰি গ’ল । কিচুদেৰি মনে মনে থাকিলে, তাৰপিছত মৃদুস্বৰত কলে, খুড়ী মই আপোনাৰ পৰা একো লুকুৱাবলৈ নোৱাৰো ।মই আপোনাক সদায় চাই থাকো..আপুনি অবিহনে মোৰ একেবাৰে মন নালাগে । তাৰ কথা শুনি মোৰ উশাহ বন্ধ হৈ যোৱাৰ দৰে হ’ল। মই নিঠৰ হৈ পৰিলো। এয়া পগলামী নে কোনো সৰু কালৰ অভ্যাস ? মই নিজকে সুধিলো । পিছদিনা সি মোৰ সন্মুখত হাতযুৰি ঠিয় হৈ গ’ল। কলে, খুড়ী প্লীজ মোক ক্ষমা কৰি দিয়ক ।
সৰুৰে পৰা মোৰ ভিতৰত এই অভ্যাস আছে… মই নিজকে ৰখাবলৈ নোৱাৰো । মই ভূল কৰিবলৈ নিবিচাৰো। কিন্তু আপোনাক নেদেখিলে মই শান্তি নাপাওঁ । তাৰ চকুত ভয় আৰু প্রাপ্তি দুয়োটাই স্পষ্টকৈ ফুটি উঠিছিল। আৰু মই প্ৰথমবাৰ চিন্তাত পৰিছিলো যে কি এয়া তাৰ দূৰ্বলতা নে মোৰ জীৱনৰ এটা নতুন দিশ আৰম্ভ হৈ আছে ? সেই নিশাৰ পিছৰে পৰাই মই সমীৰৰ পৰা যিমান পাৰি দূৰে দূৰে থাকিবলৈ চেষ্টা কৰিলো । কিন্তু সি সকলো সময়তে মোৰ ওছৰে পাজৰেই ঘূৰি ফুৰিছিল ।
কেতিয়াবা মোেক পাকঘৰত সহায় কৰাত লাগিছিল আৰু কেতিয়াবা টি.ভি চাই থাকিলে ওছৰত আহি বহিছিল । তাৰ চকু সকলো সময়তে মোৰ ওপৰতে থাকিছিল । মোৰ খঙো উঠিছিল আৰু কৰবাত এক অদ্ভুত ধৰণৰ ভয়ো লাগিছিল। এদিন মই কাপোৰ শুকাবলৈ ছটৰ ওপৰলৈ গলো, তেতিয়া সমীৰেওঁ মোৰ পিছে পিছে আহিলে ।
মই তাক কলো, তোমাৰ ইয়াতে কি কাম আছে ? সি মিছিকীয়াই হাঁহিমাৰি কলে, খুড়ী আপোনাক অকলে কাম কৰি থকা দেখিলে ভাল নালাগে, সেইকাৰনে আপোনাৰ পিছে পিছে আহি গলো । তাৰ চকুত সেই উজ্জ্বলতাই আছিল । মই কঠোৰ সুৰেৰে কলো, সমীৰ তুমি পঢ়াত ধ্যান দিবলৈ লাগে । এইবিলাক কথা তোমাৰ বাবে ঠিক নহয়। কিন্তু সি মনে মনে মোৰফালেই চাই থাকিল । তাৰ মৌনতাতো কিবা এটা লুকাই আছিল । ৰাতি মই বিছনাত বাগৰি আছিলো ।খিড়িকীৰে সাধৰণ জোনৰ পোহৰ আহি কোঠাত সোমাইছিল । হঠাতে মই সাৰ পাই গলো, যেতিয়া চকু মেলিলো তেতিয়া দেখিলো যে সমীৰ দৰ্জাৰ ওছৰত ঠিয় হৈ আছে। মই থতমত খাই উঠি বহিলো । এতিয়া ইয়াতে কি কৰি আছা? মই তাক গালিৰ সুৰত কলো । সি ভয়ে ভয়ে কলে, খুড়ী.. মোৰ টোপনি নাই অহা ।
মই মাত্র.. আপোনাক চাবলৈ বিচাৰিছিলো মোৰ খং আৰু বাঢ়ি গল। “এইবিলাক অসভ্যলি, যদি আৰু আকৌ এনেকুৱা কৰা তেনেহলে তোমাৰ খুড়াক সকলো কৈ দিম।” তাৰ চকুলৈ চকুপানী বৈ আহিল । লাহে লাহে সি কলে, খুড়ী আপুনি নাজানে.. মোৰ সৰুৰে পৰাই এই অভ্যাস আছে। যেতিয়া মই সৰু আছিলো তেতিয়া আমাৰ গাওঁত এটা ঘটনা ঘটিছিল। গাওঁৰ মহিলাবিলাকে যেতিয়া গাঁ ধুইছিল তেতিয়া সৰু ল’ৰাবিলাকে মনে মনে চাই থাকিছিল । সেই সময়ৰ পৰাই মোৰ ভিতৰত এই অভ্যাস থাকি গ’ল । মই বিচাৰো সলনি হবলৈ.. কিন্তু যেতিয়াই মই আপোনাক দেখো, তেতিয়া নিজকে ৰখাবলৈ নোৱাৰো ।
তাৰ কথা শুনি মোৰ খং অলপ কমিলে। কেনেবাকৈ মোৰ তাৰ ওপৰত দয়াওঁ জাগিবলৈ ধৰিলে । সি সচাকৈয়ে তাৰ অভ্যাসৰ লগত যুঁজি আছিল । কিন্তু লগতে তাৰ মুখমণ্ডলত মোৰ বাবে এক অজান আকর্ষন স্পষ্টকৈ দেখিবলৈ পাৰিছিলো । তাৰপিছদিনা অফিচৰ পৰা আকাশৰ মোলৈ ফোন আহিলে। তেওঁ কলে, অফিচৰ কামৰ বাবে এইবাৰ মই আৰু কেইদিমান বাহিৰত থাকিবলৈ লাগিব। তুমি অকলে ভয় নকৰিবা, সমীৰ আছে ন ঘৰত ! মই তেওঁৰ কথা শুনি নিঠৰ হৈ পৰিলো।